Class 10 Maths Chapter 2 Exercise 2.2 Solutions in Assamese | SEBA Class 10 Maths New Book 2026
← অনুশীলনী 2.1 সমাধান | অনুশীলনী 2.2 (বৰ্তমান পষ্ট) |অনুশীলনী 3.1 →
| বহুপদ সমাধান — SEBA Class 10 (New Book 2026) | |
|---|---|
| বিষয় (Subject) | গণিত (Mathematics) |
| কিতাপখনৰ নাম | সাধাৰণ গণিত (SEBA Class 10) |
| পাঠৰ নাম | বহুপদ (Polynomials) |
| অধ্যায় (Chapter) | অধ্যায় ২ (Chapter 2) |
| অনুশীলনী (Exercise) | 2.2 |
অধ্যায় ২ : বহুপদ — অনুশীলনী 2.2 (Exercise 2.2 Solutions)
• শূন্য দুটাৰ যোগফল (α + β) = -b / a = -(x ৰ সহগ) / (x2 ৰ সহগ)
• শূন্য দুটাৰ পূৰণফল (αβ) = c / a = (ধ্ৰুৱক পদ) / (x2 ৰ সহগ)
প্ৰশ্ন ১: তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা:
(i) x2 - 2x - 8
সমাধান:
ধৰো, p(x) = x2 - 2x - 8
= x2 - 4x + 2x - 8
= x(x - 4) + 2(x - 4)
= (x - 4)(x + 2)
p(x) ৰ মান শূন্য হ'ব, যেতিয়া (x - 4) = 0 বা (x + 2) = 0 হ'ব।
⇒ x = 4 বা x = -2
অতএব, x2 - 2x - 8 বহুপদটোৰ শূন্য দুটা হ'ল α = 4 আৰু β = -2।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 1, b = -2 আৰু c = -8।
(a) শূন্য দুটাৰ যোগফল (α + β) = 4 + (-2) = 2 = -(-2) / 1 = -b / a = -(x ৰ সহগ) / (x2 ৰ সহগ)
(b) শূন্য দুটাৰ পূৰণফল (αβ) = 4 × (-2) = -8 = -8 / 1 = c / a = (ধ্ৰুৱক পদ) / (x2 ৰ সহগ)
(সত্যাপিত হ'ল)
(ii) 4s2 - 4s + 1
সমাধান:
ধৰো, p(s) = 4s2 - 4s + 1
= (2s)2 - 2(2s)(1) + (1)2
= (2s - 1)2 = (2s - 1)(2s - 1)
p(s) ৰ মান শূন্য হ'ব, যেতিয়া 2s - 1 = 0 বা 2s - 1 = 0।
⇒ s = 1/2 বা s = 1/2
অতএব, বহুপদটোৰ শূন্য দুটা α = 1/2 আৰু β = 1/2।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 4, b = -4, c = 1।
(a) α + β = 1/2 + 1/2 = 1 = -(-4) / 4 = -b / a
(b) αβ = (1/2) × (1/2) = 1/4 = c / a
(সত্যাপিত হ'ল)
(iii) 6x2 - 3 - 7x
সমাধান:
প্ৰথমে বহুপদটো ক্ৰমানুসাৰে সজাই পাওঁ:
p(x) = 6x2 - 7x - 3
= 6x2 - 9x + 2x - 3
= 3x(2x - 3) + 1(2x - 3)
= (2x - 3)(3x + 1)
p(x) = 0 হ'ব যদিহে 2x - 3 = 0 বা 3x + 1 = 0।
⇒ x = 3/2 বা x = -1/3
অতএব, শূন্য দুটা α = 3/2 আৰু β = -1/3।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 6, b = -7, c = -3।
(a) α + β = 3/2 + (-1/3) = (9 - 2) / 6 = 7/6 = -(-7) / 6 = -b / a
(b) αβ = (3/2) × (-1/3) = -3/6 = c / a
(সত্যাপিত হ'ল)
(iv) 4u2 + 8u
সমাধান:
ধৰো, p(u) = 4u2 + 8u
= 4u(u + 2)
p(u) = 0 হ'ব যদিহে 4u = 0 বা u + 2 = 0।
⇒ u = 0 বা u = -2
অতএব, শূন্য দুটা α = 0 আৰু β = -2।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 4, b = 8, c = 0।
(a) α + β = 0 + (-2) = -2 = -8 / 4 = -b / a
(b) αβ = 0 × (-2) = 0 = 0 / 4 = c / a
(সত্যাপিত হ'ল)
(v) t2 - 15
সমাধান:
ধৰো, p(t) = t2 - 15
= t2 - (√15)2
= (t - √15)(t + √15)
p(t) = 0 হ'ব যদিহে t - √15 = 0 বা t + √15 = 0।
⇒ t = √15 বা t = -√15
অতএব, শূন্য দুটা α = √15 আৰু β = -√15।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 1, b = 0, c = -15।
(a) α + β = √15 + (-√15) = 0 = -0 / 1 = -b / a
(b) αβ = (√15) × (-√15) = -15 = -15 / 1 = c / a
(সত্যাপিত হ'ল)
(vi) 3x2 - x - 4
সমাধান:
ধৰো, p(x) = 3x2 - x - 4
= 3x2 - 4x + 3x - 4
= x(3x - 4) + 1(3x - 4)
= (3x - 4)(x + 1)
p(x) = 0 হ'ব যদিহে 3x - 4 = 0 বা x + 1 = 0।
⇒ x = 4/3 বা x = -1
অতএব, শূন্য দুটা α = 4/3 আৰু β = -1।
সহগবোৰৰ সৈতে সম্পৰ্কৰ সত্যাপন:
ইয়াত, a = 3, b = -1, c = -4।
(a) α + β = 4/3 + (-1) = (4 - 3)/3 = 1/3 = -(-1)/3 = -b / a
(b) αβ = (4/3) × (-1) = -4/3 = c / a
(সত্যাপিত হ'ল)
প্ৰশ্ন ২: তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা:
(i) 1/4, -1
সমাধান:
দিয়া আছে, α + β = 1/4 আৰু αβ = -1
নিৰ্ণেয় দ্বিঘাত বহুপদটো = x2 - (α + β)x + αβ
= x2 - (1/4)x + (-1)
= x2 - x/4 - 1
হৰ 4 আতৰাবলৈ 4 ৰে পূৰণ কৰি পাওঁ:
= 4x2 - x - 4
(ii) √2, 1/3
সমাধান:
দিয়া আছে, α + β = √2 আৰু αβ = 1/3
নিৰ্ণেয় বহুপদটো = x2 - (α + β)x + αβ
= x2 - √2x + 1/3
3 ৰে পূৰণ কৰি পাওঁ:
= 3x2 - 3√2x + 1
(iii) 0, √5
সমাধান:
দিয়া আছে, α + β = 0 আৰু αβ = √5
নিৰ্ণেয় বহুপদটো = x2 - (0)x + √5
= x2 + √5
(iv) 1, 1
সমাধান:
দিয়া আছে, α + β = 1 আৰু αβ = 1
নিৰ্ণেয় বহুপদটো = x2 - (1)x + 1
= x2 - x + 1
(v) -1/4, 1/4
সমাধান:
দিয়া আছে, α + β = -1/4 আৰু αβ = 1/4
নিৰ্ণেয় বহুপদটো = x2 - (-1/4)x + 1/4
= x2 + x/4 + 1/4
4 ৰে পূৰণ কৰি পাওঁ:
= 4x2 + x + 1
(vi) 4, 1
সমাধান:
দিয়া আছে, α + β = 4 আৰু αβ = 1
নিৰ্ণেয় বহুপদটো = x2 - (4)x + 1
= x2 - 4x + 1
প্ৰশ্ন ৩: দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ:
(i) -4 আৰু 3/2
সমাধান:
ধৰো, α = -4 আৰু β = 3/2।
∴ যোগফল (α + β) = -4 + 3/2 = (-8 + 3) / 2 = -5/2
আৰু গুণফল (αβ) = (-4) × (3/2) = -6
নিৰ্ণেয় বহুপদটো = x2 - (α + β)x + αβ
= x2 - (-5/2)x + (-6)
= x2 + 5x/2 - 6
2 ৰে পূৰণ কৰি পাওঁ:
= 2x2 + 5x - 12
(ii) 5 আৰু 2
সমাধান:
ধৰো, α = 5 আৰু β = 2।
∴ α + β = 5 + 2 = 7 আৰু αβ = 5 × 2 = 10
নিৰ্ণেয় বহুপদটো = x2 - 7x + 10
= x2 - 7x + 10
(iii) 1/3 আৰু -1
সমাধান:
ধৰো, α = 1/3 আৰু β = -1।
∴ α + β = 1/3 + (-1) = -2/3 আৰু αβ = (1/3)(-1) = -1/3
নিৰ্ণেয় বহুপদটো = x2 - (-2/3)x + (-1/3) = x2 + 2x/3 - 1/3
3 ৰে পূৰণ কৰি পাওঁ:
= 3x2 + 2x - 1
(iv) 3/2 আৰু -2
সমাধান:
ধৰো, α = 3/2 আৰু β = -2।
∴ α + β = 3/2 - 2 = -1/2 আৰু αβ = (3/2)(-2) = -3
নিৰ্ণেয় বহুপদটো = x2 - (-1/2)x + (-3) = x2 + x/2 - 3
2 ৰে পূৰণ কৰি পাওঁ:
= 2x2 + x - 6
প্ৰশ্ন ৪ - ১১: বহুবিকল্পভিত্তিক আৰু চমু প্ৰশ্ন সমাধান:
প্ৰশ্ন ৪: যদি α আৰু β বহুপদ x2 - p(x + 1) + c ৰ দুটা শূন্য হয় যাতে (α + 1)(β + 1) = 0, তেন্তে c ৰ মান হ'ব:
সমাধান:
p(x) = x2 - px - p + c = x2 - px + (c - p)
α + β = p আৰু αβ = c - p
দিয়া আছে: (α + 1)(β + 1) = 0
⇒ αβ + α + β + 1 = 0
⇒ (c - p) + p + 1 = 0
⇒ c + 1 = 0 ⇒ c = -1
উত্তৰ: (c) -1
প্ৰশ্ন ৫: যদি a - b, a আৰু a + b বহুপদ p(x) = x3 - 3x2 - 6x + 8 ৰ শূন্য হয়, তেন্তে a আৰু b ৰ মান হ'ব:
সমাধান:
শূন্যবোৰৰ সমষ্টি = (a - b) + a + (a + b) = -(-3)/1 = 3
⇒ 3a = 3 ⇒ a = 1
পূৰণফল = a(a - b)(a + b) = -8/1 = -8
⇒ 1(1 - b2) = -8 ⇒ b2 = 9 ⇒ b = ±3
উত্তৰ: (b) (i) আৰু (ii)
প্ৰশ্ন ৬: উক্তি (A): যদি α আৰু β বহুপদ x2 - 6x + p ৰ শূন্য যাতে (α + β)2 - 2αβ = 40, তেন্তে p = -1।
যুক্তি (R): ax2 + bx + c ৰ শূন্যৰ যোগফল -b/a আৰু পূৰণফল c/a।
সমাধান:
α + β = 6, αβ = p
(6)2 - 2p = 40 ⇒ 36 - 2p = 40 ⇒ -2p = 4 ⇒ p = -2 (উক্তি A ভুল, কিন্তু যুক্তি R সত্য)।
উত্তৰ: (d) উক্তি (A) অশুদ্ধ, যুক্তি (R) শুদ্ধ।
প্ৰশ্ন ৭: স্তম্ভ মিলোৱা:
(A) x2 - 7x + 12 → (Q) 7, 12
(B) x2 + 7x + 12 → (R) -7, 12
(C) x2 - 7x - 12 → (P) 7, -12
উত্তৰ: (b) A→Q, B→R, C→P
প্ৰশ্ন ৮: উক্তি (i): ৰৈখিক বহুপদৰ লেখ এডাল সৰল ৰেখা। উক্তি (ii): এটা বহুপদত চলক হৰ হিচাপে নাথাকে।
উত্তৰ: (a) উক্তি (i) আৰু উক্তি (ii) দুয়োটাই সত্য।
প্ৰশ্ন ৯: যদি p2 = 32 / 50 হয়:
p2 = 16/25 ⇒ p = ±4/5 (ই পৰিমেয় আৰু বাস্তৱ সংখ্যা)।
উত্তৰ: (a) (ii) আৰু (iv) দুয়োটাই সত্য
প্ৰশ্ন ১০: যদি x3 + ax2 + bx + c বহুপদটোৰ এটা শূন্য -1 হয়, তেন্তে আন শূন্য দুটাৰ পূৰণফল হ'ব:
সমাধান:
p(-1) = 0 ⇒ -1 + a - b + c = 0 ⇒ c = b - a + 1
তিনিটা শূন্যৰ পূৰণফল αβγ = -c ⇒ (-1) × βγ = -c ⇒ βγ = c = b - a + 1
উত্তৰ: (a) b - a + 1
প্ৰশ্ন ১১: α আৰু β দ্বিঘাত বহুপদ x2 - 6x + a ৰ দুটা শূন্য। যদি 3α + 2β = 20 হয়, তেন্তে a ৰ মান হ'ব:
সমাধান:
α + β = 6 ------ (1)
3α + 2β = 20 ⇒ 2(α + β) + α = 20 ⇒ 2(6) + α = 20 ⇒ α = 8
(1) ৰ পৰা: β = 6 - 8 = -2
a = αβ = 8 × (-2) = -16
উত্তৰ: (d) -16
প্ৰশ্ন ১২ - ১৭: বহলাই কৰিবলগীয়া সমাধানসমূহ:
প্ৰশ্ন ১২: যদি α আৰু β বহুপদ 2x2 - 5x + 7 ৰ শূন্য হয়, তেন্তে আন একটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2α + 3β আৰু 3α + 2β।
সমাধান:
α + β = 5/2, αβ = 7/2
নতুন শূন্য দুটাৰ যোগফল = (2α + 3β) + (3α + 2β) = 5(α + β) = 5 × (5/2) = 25/2
নতুন শূন্য দুটাৰ পূৰণফল = (2α + 3β)(3α + 2β) = 6(α + β)2 + αβ
= 6(5/2)2 + 7/2 = 6(25/4) + 7/2 = 75/2 + 7/2 = 41
অতএব, নিৰ্ণেয় বহুপদটো = x2 - (25/2)x + 41
= 2x2 - 25x + 82
প্ৰশ্ন ১৩: যদি α আৰু β বহুপদ ax2 + bx + c ৰ শূন্য হয়, তেন্তে মান নিৰ্ণয় কৰা:
α + β = -b/a, αβ = c/a
(i) α2 + β2 = (α + β)2 - 2αβ = (b2 - 2ac) / a2
(ii) α2 + αβ + β2 = (α + β)2 - αβ = (b2 - ac) / a2
(iii) α2β + αβ2 = αβ(α + β) = -bc / a2
(iv) α - β = √[(α + β)2 - 4αβ] = √(b2 - 4ac) / a
(v) α2 + β2 - αβ = (α + β)2 - 3αβ = (b2 - 3ac) / a2
প্ৰশ্ন ১৪: যদি বহুপদ kx2 + 2x + 3k ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, তেন্তে k ৰ মান উলিওৱা।
সমাধান:
α + β = -2/k, αβ = 3k/k = 3
প্ৰশ্নমতে: -2/k = 3 ⇒ 3k = -2 ⇒ k = -2/3
প্ৰশ্ন ১৫: যদি α আৰু β দ্বিঘাত বহুপদ f(x) = x2 - 5x + 4 ৰ শূন্য হয়, তেন্তে 1/α + 1/β - 2αβ ৰ মান নিৰ্ণয় কৰা।
সমাধান:
α + β = 5, αβ = 4
1/α + 1/β - 2αβ = (α + β)/αβ - 2αβ = 5/4 - 2(4) = 5/4 - 8 = -27 / 4
প্ৰশ্ন ১৬: ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল, দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু পূৰণফল ক্ৰমে 2, -7, -14।
সমাধান:
p(x) = x3 - (α + β + γ)x2 + (αβ + βγ + γα)x - αβγ
= x3 - (2)x2 + (-7)x - (-14)
= x3 - 2x2 - 7x + 14
প্ৰশ্ন ১৭: ওলমি থকা তাঁৰেৰে সৈতে গাণিতিক আৰ্হিৰ দলং (Case Study Base):
(i) ওলমি থকা তাঁৰৰ আকৃতিৰ নামটো হ'ল → (C) অধিবৃত্ত (Parabola)
(ii) চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাশি → (b) y = ax2 + bx + c
(iii) বহুপদটোৰ শূন্যৰ সংখ্যা কাৰ সমান → (a) x অক্ষক ছেদ কৰা বিন্দু
(iv) শূন্যৰ যোগফল -3 আৰু পূৰণফল 5 হ'লে → x2 - (-3)x + 5 = (d) x2 + 3x + 5
(v) দ্বিঘাত বহুপদ এটাৰ লেখটো → (c) অধিবৃত্ত
📌 SEBA Class 10 Maths Chapter 2 Polynomials — চমু সাৰাংশ
ছেবা (SEBA) Class 10 Mathematics New Book 2026 ৰ দ্বিতীয় অধ্যায় 'বহুপদ' (Polynomials) ৰ অনুশীলনী 2.2 ৰ পৰা পৰীক্ষাত প্ৰায়ে ৩-৪ নম্বৰৰ দীঘলীয়া প্ৰশ্ন সোধা হয়। বহুপদৰ শূন্য উলিওৱা আৰু সহগৰ সম্বন্ধ পৰীক্ষা কৰাৰ নিয়মবোৰ ওপৰত খৰচী কৰি সমাধান কৰি দিয়া হৈছে।
❓ প্ৰায়েই সোধা প্ৰশ্নসমূহ (Frequently Asked Questions - FAQs)
Q1. দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ সম্পৰ্ক কি?
Ans: ax2 + bx + c ৰ বাবে: শূন্যৰ সমষ্টি α + β = -b/a আৰু পূৰণফল αβ = c/a।