অনুশীলনী 1.2 সম্পূৰ্ণ সমাধান | Class 10 Maths Chapter 1 Exercise 1.2 Solutions in Assamese | SEBA Class 10 Maths New Book 2026
← অনুশীলনী 1.1 সমাধান | অনুশীলনী 1.2 (বৰ্তমান পষ্ট) | অনুশীলনী 2.1 সমাধান
| বাস্তৱ সংখ্যা সমাধান — SEBA Class 10 (New Book 2026) | |
|---|---|
| বিষয় (Subject) | গণিত (Mathematics) |
| কিতাপখনৰ নাম | সাধাৰণ গণিত (SEBA Class 10) |
| পাঠৰ নাম | বাস্তৱ সংখ্যা (Real Numbers) |
| অধ্যায় (Chapter) | অধ্যায় ১ (Chapter 1) |
| অনুশীলনী (Exercise) | 1.2 |
অধ্যায় ১ : বাস্তৱ সংখ্যা — অনুশীলনী 1.2 (Exercise 1.2 Solutions)
প্ৰশ্ন ১: দেখুওৱা যে √5 অপৰিমেয়।
প্ৰমাণ (Proof):
বিৰুদ্ধভাৱে আমি ধৰি লওঁ যে √5 এটা পৰিমেয় সংখ্যা।
গতিকে, আমি দুটা সহমৌলিক (coprime) অখণ্ড সংখ্যা a আৰু b (b ≠ 0) পাব পাৰোঁ যাতে—
√5 = a / b
⇒ a = b√5
দুয়োপিনে বৰ্গ কৰি পাওঁ—
a2 = 5b2 ------ (1)
ইয়ালৈ লক্ষ্য কৰিলে দেখা যায় যে a2, 5 ৰে বিভাজ্য। গতিকে উপপাদ্য 1.2 অনুসৰি, a ও 5 ৰে বিভাজ্য হ'ব।
সেয়েহে, আমি ধৰিব পাৰোঁ a = 5c, য'ত c যিকোনো এটা অখণ্ড সংখ্যা।
এতিয়া a ৰ মান (1) নং সমীকৰণত বহুৱাই পাওঁ—
(5c)2 = 5b2
⇒ 25c2 = 5b2
⇒ b2 = 5c2
ইয়ার অৰ্থ হ'ল b2, 5 ৰে বিভাজ্য আৰু সেয়েহে b ও 5 ৰে বিভাজ্য।
গতিকে, a আৰু b উভয়ৰে অন্ততঃ এটা সাধাৰণ উৎপাদক 5 আছে।
কিন্তু ই আমাৰ মূল ধাৰণা "a আৰু b সহমৌলিক" (অৰ্থাৎ 1 ৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই) ৰ সত্যতাৰ বিৰোধ কৰে।
এই বিৰুদ্ধ ফলৰ কাৰণ হৈছে "√5 পৰিমেয়" বুলি কৰা আমাৰ ধাৰণাটো অশুদ্ধ আছিল।
প্ৰশ্ন ২: দেখুওৱা যে 3 + 2√5 অপৰিমেয়।
প্ৰমাণ:
বিৰুদ্ধভাৱে ধৰো 3 + 2√5 এটা পৰিমেয় সংখ্যা।
তেন্তে আমি a আৰু b (b ≠ 0) সহমৌলিক অখণ্ড সংখ্যা পাব পাৰোঁ যাতে—
3 + 2√5 = a / b
⇒ 2√5 = (a / b) - 3
⇒ 2√5 = (a - 3b) / b
⇒ √5 = (a - 3b) / 2b
যিহেতু a, b আৰু 3 অখণ্ড সংখ্যা, সেয়েহে (a - 3b) / 2b ৰ মান এটা পৰিমেয় সংখ্যা হ'ব।
ইয়াৰ অৰ্থ হ'ব যে √5 ও এটা পৰিমেয় সংখ্যা।
কিন্তু ই "√5 এটা অপৰিমেয় সংখ্যা" এই প্ৰতিষ্ঠিত সত্যৰ বিৰোধ কৰে।
এই বিৰুদ্ধতাৰ কাৰণ হ'ল 3 + 2√5 ক পৰিমেয় বুলি ধৰা আমাৰ ধাৰণাটো ভুল আছিল।
প্ৰশ্ন ৩: দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়:
(i) 1 / √2:
ধৰো 1 / √2 এটা পৰিমেয় সংখ্যা।
গতিকে, 1 / √2 = a / b (য'ত a, b সহমৌলিক আৰু b ≠ 0)
⇒ √2 = b / a
যিহেতু a, b অখণ্ড সংখ্যা, গতিকে b / a পৰিমেয়। ইয়াৰ অৰ্থ √2 পৰিমেয় হ'ব লাগিব, যিটো অসম্ভৱ।
∴ 1 / √2 এটা অপৰিমেয় সংখ্যা (প্ৰমাণিত)।
(ii) 7√5:
ধৰো 7√5 এটা পৰিমেয় সংখ্যা।
গতিকে, 7√5 = a / b ⇒ √5 = a / 7b
যিহেতু a, b আৰু 7 অখণ্ড সংখ্যা, গতিকে a / 7b পৰিমেয়, যাৰ অৰ্থ √5 পৰিমেয়। কিন্তু ই সত্যৰ বিপৰীত।
∴ 7√5 এটা অপৰিমেয় সংখ্যা (প্ৰমাণিত)।
(iii) 6 + √2:
ধৰো 6 + √2 পৰিমেয়।
গতিকে, 6 + √2 = a / b ⇒ √2 = (a / b) - 6 = (a - 6b) / b
যিহেতু (a - 6b) / b পৰিমেয়, গতিকে √2 পৰিমেয় হ'ব লাগে, যিটো অশুদ্ধ।
∴ 6 + √2 এটা অপৰিমেয় সংখ্যা (প্ৰমাণিত)।
প্ৰশ্ন ৪ - ৮: বহু-বিকল্পভিত্তিক প্ৰশ্নসমূহ (MCQs):
প্ৰশ্ন ৪: এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল—
(A) সদায়েই অপৰিমেয়
(B) সদায়েই পৰিমেয়
(C) সদায়েই অখণ্ড সংখ্যা
(D) পৰিমেয় বা অপৰিমেয়
উত্তৰ: (A) সদায়েই অপৰিমেয়
প্ৰশ্ন ৫: √5 + √3 + 2 সংখ্যাটো—
(A) এটা স্বাভাৱিক সংখ্যা
(B) এটা অখণ্ড সংখ্যা
(C) এটা পৰিমেয় সংখ্যা
(D) এটা অপৰিমেয় সংখ্যা
উত্তৰ: (D) এটা অপৰিমেয় সংখ্যা
প্ৰশ্ন ৬: উক্তি (A): √2 + √5 এটা অপৰিমেয় সংখ্যা। যুক্তি (R): যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা।
উত্তৰ: (A) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য আৰু যুক্তি (R), উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ৭: উক্তি (A): √a এটা অপৰিমেয় সংখ্যা, যেতিয়া a এটা মৌলিক সংখ্যা হয়। যুক্তি (R): যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়।
উত্তৰ: (A) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য আৰু যুক্তি (R), উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা।
প্ৰশ্ন ৮: √2, √3, √5, √6, √7, √8, √10 আটাইবোৰেই অপৰিমেয় হ'লে তলৰ কোনটো যোৰ সদৃশ অপৰিমেয়?
(A) √3, √6
(B) √8, √10
(C) √2, √8
(D) √7, √8
ব্যাখ্যা: √8 = √(4 × 2) = 2√2। ইয়াত √2 আৰু √8 দুয়োৰে অপৰিমেয় অংশটো √2।
উত্তৰ: (C) √2, √8
📌 SEBA Class 10 Maths Chapter 1 Real Numbers (বাস্তৱ সংখ্যা) — চমু সাৰাংশ
ছেবা (SEBA) Class 10 Mathematics New Book 2026 ৰ প্ৰথম অধ্যায় 'বাস্তৱ সংখ্যা' (Real Numbers) পৰীক্ষাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। Class 10 Maths Chapter 1 Assamese Medium ৰ এই পষ্টটোত অনুশীলনী 1.2 ৰ সকলো প্ৰশ্নোত্তৰ অতি সহজ আৰু সৰল ভাষাত সমাধান কৰি দিয়া হৈছে।
🔑 এই অধ্যায়ৰ মূল বিষয়বস্তু আৰু সূত্ৰসমূহ (Key Concepts & Formulas):
- পাটীগণিতৰ মৌলিক উপপাদ্য: প্ৰতিটো যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে এক অদ্বিতীয় ৰূপত প্ৰকাশ (উৎপাদক বিশ্লেষণ) কৰিব পাৰি।
- অপৰিমেয় সংখ্যাৰ ধৰ্ম: √2, √3, √5 আদি সংখ্যাবোৰ অপৰিমেয়। এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল, বিয়োগফল বা পূৰণফল সদায় অপৰিমেয় হয়।
- সদৃশ অপৰিমেয় সংখ্যা (Similar Surds): সৰলীকৃত ৰূপৰ পিছত যিবোৰ অপৰিমেয় সংখ্যাৰ মূল অংশ একে থাকে (যেনে: √2 আৰু √8 = 2√2), সেইবোৰক সদৃশ অপৰিমেয় বোলা হয়।
❓ প্ৰায়েই সোধা প্ৰশ্নসমূহ (Frequently Asked Questions - FAQs)
Q1. SEBA Class 10 Maths Chapter 1 Exercise 1.2 ৰ পৰা পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহে?
Ans: এই অনুশীলনীৰ পৰা প্ৰধানকৈ √5 বা 3 + 2√5 অপৰিমেয় বুলি প্ৰমাণ কৰা, আৰু MCQs (যেনে সদৃশ অপৰিমেয় চিনাক্তকৰণ) পৰীক্ষাত সঘনাই আহে।
Q2. অপৰিমেয় সংখ্যা প্ৰমাণ কৰাৰ পদ্ধতিটোক কি বোলা হয়?
Ans: অপৰিমেয় সংখ্যা প্ৰমাণ কৰোঁতে 'বিৰুদ্ধৰ সহায়ত প্রমাণ' (Proof by Contradiction) কৌশল ব্যৱহাৰ কৰা হয়।